danewsplus.com
danewsplus.com

ডিব্ৰুগড়ত ক’ৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি

0 102

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড়টো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডে। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ ডিব্ৰুগড়ত যোৱা ২৪ ঘন্টাত ৬ গৰাকী ক’ভিড ৰোগী মৃত্যু মুখত পৰিছে। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড  কেয়াৰ চেন্টাৰত বৰ্তমান ১৭৩ গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।

ইয়াৰে ১০১ গৰাকী আইছ’লেশ্যন ৱাৰ্ডত আৰু ৭২ গৰাকী ৰোগী আইচিইউত চিকিৎসাধীন হৈ আছে। আনহাতে, আইছ’লেশ্যন ৱাৰ্ডত চিকিৎসাধীন হৈ থকা ৫০ গৰাকী ৰোগীক অক্সিজেন দিবলগীয়া হৈছে। ইফালে বৰ্তমানলৈকে ২৭ গৰাকী ৰোগী মৃত্যুমুখত পৰিছে।

বৰ্তমানলৈকে জিলাখনত তিনি সহস্ৰাধিক ৰোগী চিনাক্ত কৰা হৈছে। ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়খন সাজু কৰি ৰখা হৈছে বুলি জানিবলৈ দিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই।

Leave A Reply

Your email address will not be published.