danewsplus.com
danewsplus.com

ক’ভিডত আক্ৰান্ত হৈ আন এজন অসম সন্তানে দিল্লীত হেৰুৱালে প্ৰাণ…

0 103

দিল্লীত ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে আন এজন অসম সন্তানে৷ দিল্লী বিশ্ববিদ্যালয়ৰ শ্যাম লাল কলেজৰ সহকাৰী অধ্যাপক ৰাজৰ্ষি কলিতাৰ বুধবাৰে নিশা মৃত্যু হয় ক’ভিডত৷

সাহিত্য অকাডেমি বিজয়ী বিশিষ্ট লেখিকা অৰূপা পটংগীয়া কলিতা আৰু টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন কলিতাৰ একমাত্ৰ সন্তান আছিল ৰাজৰ্ষি কলিতা৷ ইহ সংসাৰত তেওঁ এটি কণমানি পুত্ৰ আৰু পত্নীক এৰি থৈ গৈছে৷

উল্লেখ্য যে, ইতি পূৰ্বেও ক’ভিডৰ ফলত কেইবাজনো অসম সন্তানৰ দিল্লীত মৃত্যু হৈছিল। সেই সকলৰ ভিতৰত আছিল কেইবাগৰাকীও আগশাৰীৰ সাংবাদিক। এনেদৰে ক’ভিডত আক্ৰান্ত হৈ ইজনৰ পিছত সিজন লোকৰ মৃত্যুৰ খবৰে ৰাজ্যৰ প্ৰতিজন লোকৰ মাজতে শোকৰ ছাঁ পেলাইছে।

Leave A Reply

Your email address will not be published.