danewsplus.com
danewsplus.com

ৰাজনৈতিক দললৈ DGPৰ আহ্বান

0 59

গুৱাহাটী: ভোটগণনাৰ সময়ত যাতে কোনো কাৰণতে ক’ভিড প্ৰট’কল ভংগ নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে অসম আৰক্ষী৷ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এই ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দললৈ সামাজিক মাধ্যমযোগে আহ্বান জনাইছে৷ সঞ্চালকপ্ৰধানগৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় নিৰ্বাচন আয়োগে ক’ভিড বিধি সম্পৰ্কত বিশেষ নিৰ্দেশনা আৰোপ কৰিছে৷ এই নিৰ্দেশনাসমূহৰ প্ৰধান লক্ষ্য কোনো কাৰণতে যাতে সংক্ৰমণ হ’ব পৰা পৰিস্থিতিৰ সৃষ্টি নহয়৷ নিৰ্দেশনাসমূহৰ ক্ষেত্ৰত কোনোধৰণৰ যাতে আপোচ নহয় তাৰ বাবে আৰক্ষীৰ বিভিন্ন বৰ্গৰ বিষয়া-কৰ্মচাৰীক সক্ৰিয় কৰি তোলা বুলিও সঞ্চালকপ্ৰধানগৰাকীয়ে মত পোষণ কৰে৷ সকলো জিলাতে আৰক্ষীৰ দায়িত্ব সন্দৰ্ভত কৰা হৈছে আখৰা৷ সকলোকে নিৰ্দেশনাসমূহ নিয়াৰিকৈ পালনৰ আহ্বান সঞ্চালকপ্ৰধানগৰাকীৰ৷ বিজয় শোভাযাত্ৰা, সামূহিক উৎসৱ, ফটকা ফুটোৱাৰ লগতে নিয়ম ভংগ কৰি একেটা স্থানতে গোট খোৱা, ধৰ্ণা কাৰ্যক বে-আইনী বুলি বিবেচনা কৰি আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সঞ্চালকপ্ৰধানগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনায়৷

Leave A Reply

Your email address will not be published.