danewsplus.com
danewsplus.com

১ মে’ত ভাৰতলৈ ‘স্পুটনিক-ভি’

0 50

গুৱাহাটী: ১ মে’ত ভাৰতলৈ ৰাছিয়াৰ ক’ভিড-১৯ ভেকচিন ‘স্পুটনিক-ভি’। ৰাছিয়াৰ সৈতে হোৱা এক আলোচনাৰ পিছত ৰাছিয়াত নিৰ্মিত এই ভেকচিনবিধক দেশত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ভাৰত চৰকাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰতত বৃদ্ধি পোৱা ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশ্বাস প্ৰদান কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি দুখন ৰাছিয়ান বিমানযোগে ভাৰতলৈ আহিব অক্সিজেন কনচেনট্ৰেটৰ, লাং ভেণ্টিলেশ্যন ইকুইপমেণ্ট, ঔষধকে ধৰি চিকিৎসাৰ বিভিন্ন সা-সামগ্ৰী। আনহাতে আমেৰিকাই ভাৰতত এই সংকটৰ সময়ত ১০০ মিলিয়ন ডলাৰৰ চিকিৎসাৰ সা-সামগ্ৰী যোগান ধৰিব বুলি আমেৰিকাৰ নেশ্যনেল ছিকিউৰিটী এডভাইজাৰ জেট ছলিভেনে সদৰী কৰে। ইয়াৰ উপৰি ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইনে ভাৰতক সকলো ধৰণৰ সহায়-সহয়োগিতা আবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.