দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বংশী গোপাল মন্দিৰৰ বাৰ্ষিক গোন্ধ- সবাহ

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে কামৰূপ জিলাৰ পূৰ্ণখুমডুম গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী বংশী গোপাল মন্দিৰৰ বাৰ্ষিক গোন্ধ সবাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰহিন্দ্ৰ ভূঞাঁক সভাপতি, ৰমেশ কলিতাক কাৰ্যকৰী সভাপতি, দিনেশ ডেকা আৰু অনিল শইকীয়াক উপ-সভাপতি, পুলেন ভূঞাক মুখ্য সম্পাদক, জগদীশ তালুকদাৰক সাধাৰণ সম্পাদক, ৰমেন চন্দ্ৰ ভূঞাঁ আৰু ক্ষীতিশ ভূঞাঁক সহকাৰী সম্পাদক হিচাপে লৈ এখনি শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হৈছে৷

১৭ জানুৱাৰীৰ পুৱা স্বচ্ছ অভিযানেৰে অনুষ্ঠানৰ শুভাৰম্ভণী হ’ব৷ পুৱা ৯বজাত শ্ৰী শ্ৰী বংশী গোপাল বিগ্ৰহ লৈ নগৰ সংকীৰ্তন হোৱাৰ লগতে পুৱা ১০ বজাত ভাগৱত পাঠ অনুষ্ঠিত হ’ব। নিশা ৯ বজাত জনপ্ৰিয় পাঠিকা অনামিকা দাস আৰু ভনিতা বৈশ্যই নাগাৰা নাম পৰিবেশন কৰিব৷ ১৮ জানুৱাৰীৰ পুৱা ৮ বজাত হোমযজ্ঞৰে দিনটোৰ শুভাৰম্ভণী হ’ব৷

সন্ধিয়া ৫ বজাত অসমীয়া গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে নিশা ৯ বজাত সাংস্কৃতিক সন্ধিয়াৰ “সুৰৰ এনিশাত” জনপ্ৰিয় কন্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়াই গীত পৰিবেশন কৰিব৷ শ্ৰী শ্ৰী বংশী গোপাল বাৰ্ষিক গোন্ধ- সবাহৰ সহকাৰী সম্পাদক ৰমেন চন্দ্ৰ ভূঞাঁই এই সমূহ কাৰ্যসূচীত সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৷

DA News Plus
Comments (0)
Add Comment