মৰ্মান্তিক! চিপ লৈ আত্মহত্যা মোহময়ী ৰীল গাৰ্ল লীনাৰ..

ডিজিটেল ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মাৰ আত্মহত্যাৰ পিছত এইবাৰ একেই পথ বাচি ল’লে আন এগৰাকী মহিলা জনপ্ৰিয় ইউটিউবাৰ তথা নৃত্যশিল্পীয়ে।

ছত্তীশগড়ৰ ৰায়গড়ৰ নিৱাসী লীনা নাগৱানশী নামৰ ইউটিউবাৰগৰাকীয়ে নিজৰ ঘৰত কোনো নথকা অৱস্থাত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। জানিব পৰা মতে, ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জন কৰা লীনা বি.কমৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল।

নৃত্য ভিডিঅ’ৰ লগতে ইউটিউব ভ্লগ আৰু ৰীল ভিডিঅ’ৰ জৰিয়তে যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল লীনা। কিন্তু ২৬ ডিচেম্বৰৰ বিয়লি মাতৃয়ে বজাৰ কৰিবলৈ যোৱাৰ সময়তে ঘৰৰ চাদত চিপ লৈ আত্মহত্যাৰ পথ বাচি লয় ২২ বৰ্ষীয় যুৱতীগৰাকীয়ে।

ৰায়পুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লীনাই কি কাৰণে আত্মহত্যাৰ পথ বাচি ল’লে সেয়া এতিয়াও স্পষ্ট নহয়। ইতিমধ্যে আৰক্ষীয়ে এটা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

#DA_News_PlusDA News Plus
Comments (0)
Add Comment