Da News Plusৰ মুখ্য সাংবাদিক প্ৰণয় বৰদলৈ আৰু অভিনেত্ৰী চেতনা দাসলৈ লিঅ’ এক্সপ’ ২০২২ৰ সন্মান

ডিজিটেল ডেস্ক: বিশিষ্ট অভিনেত্ৰী চেতনা দাস আৰু Da News Plusৰ মুখ্য সাংবাদিক প্ৰণয় বৰদলৈলৈ আগবঢ়োৱা হৈছে এই বছৰৰ লিঅ ‘ প্রেক্স সন্মান। ৪ নৱেম্বৰৰ পৰা ২১ নবেম্বৰলৈ গুৱাহাটীত মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হব লগা আন্তঃৰাষ্ট্ৰীয় লিঅ ‘ এক্সপ ২০২২ লগত সংগতি ৰাখি এডভাৰ্টাইজডয়ে প্ৰদান কৰি অহা লিঅ’ পেক্স সন্মান প্ৰাপক দুগৰাকীৰ নাম শুকুৰবাৰে ঘোষণা কৰে বাছনি সমিতিয়ে।

বিশিষ্ট সংগীত শিল্পী মণীষা হাজৰিকা, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু, আৰু লিও এডভাৰ্টাইজডৰ হৈ পাৰভেজ খান আৰু আকবৰ খান উপস্থিত থকা বিশিষ্ট অভিনেসী চেতনা দাসক লিঅ ‘ এক্সপ শিল্পী সন্মান আৰু বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈক লিঅ ‘ এক্সপ সাংবাদিক সন্মানৰ বাবে বাছনি কৰা হয়।

মন কৰিব লগা যে এইবাৰ শিল্পী সন্মান আৰু লিঅ ‘ এক্সপ সাংবাদিক সন্মান লাভ কৰা বিশিষ্ট ব্যক্তি দুগৰাকীলৈ আগবঢ়োৱা হব গাইপতি এক লাখকৈ টকা, লগতে থাকিব স্মাৰক, অংগবস্ত্ৰ, প্ৰশস্ত পত্ৰ ইত্যাদি। লিঅ ‘ এক্সপস্থলীত অনুষ্ঠিত হয় লগা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অভিনেত্ৰী চেতনা দাস আৰু সাংবাদিক প্ৰণয় বৰদলৈক এই সন্মান প্ৰদান কৰা হ’ব।

DA_News_PlusLeoExpo
Comments (0)
Add Comment