ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ভাৰতৰ নাৰী দলৰ জয়

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ভাৰতৰ নাৰী দলৰ জয়৷ হোভ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনত ইংলেণ্ডৰ নাৰী দলক ৭ উইকেটত পৰাস্ত কৰিলে উইমেন ইন ব্লুই৷ প্ৰথমে বেটিং কৰি ইংলেণ্ডে এলিচ ডেভিডছন-ৰিচাৰ্ডছৰ ৫০, ডনী ৱায়েটৰ ৪৩ আৰু ছফি এক্লেষ্টনৰ ৩১ ৰানৰ সহায়ত ৭ উইকেটত সংগ্ৰহ কৰে ২২৭ ৰান৷ দিপ্তী শৰ্মাই লাভ কৰে দুটা উইকেট৷ ঝুলন গোস্বামী, মেঘনা সিং, ৰাজেশ্বৰী গায়কোৱাড়, স্নেহ ৰাণা আৰু হাৰ্লিন দেউলে লাভ কৰে একোটাকৈ উইকেট৷

প্ৰত্যুত্তৰত ভাৰতৰ নাৰী দলে স্মৃতি মান্ধানাৰ ৯১, হৰমনপ্ৰীত কৌৰৰ অপৰাজিত ৭৪ আৰু যষ্টিকা ভাটিয়াৰ ৫০ ৰানৰ সহায়ত ৪৪ অভাৰ ২টা বলত ৩ উইকেট হেৰুৱাই ২৩২ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে মেচখনত৷ স্মৃতি মান্ধানাই লাভ কৰে প্লেয়াৰ অব দ্য মেচৰ সন্মান৷

CricketDA News PlusIndiaWomen
Comments (0)
Add Comment