লংকাত এম জি এনৰেগা আঁচনিত দুৰ্নীতিৰ অভিযোগ

ডিজিটেল ডেস্কঃ হোজাইৰ লংকাত এম জি এনৰেগা আঁচনিত দুৰ্নীতিৰ অভিযোগ৷ এই আঁচনিৰ অধীনত খাগৰিজান পঞ্চায়তত পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ কৰিছে ৰাইজে৷ পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে দালাল প্ৰকৃতিৰ লোকৰ সৈতে মিলি এক লাখ টকাৰ কাম সম্পন্ন কৰি বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷

ৰাইজৰ হৈ লিখিত অভিযোগ দাখিল কৰা খাইৰুল ইছলাম নামৰ স্থানীয় এগৰাকী যুৱকক পঞ্চায়ত সভানেত্ৰী মাহমুদা খাতুনৰ দালালৰূপী এজন লোকে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

CorruptionDA News PlusHojaikaki
Comments (0)
Add Comment