ড্ৰাইভিঙ শিকিবলৈ গৈ দুৰ্ঘটনাত পতিত ‘কাচা বাদাম’ৰ গায়ক

ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ‘কাচা বাদাম’ শীৰ্ষক গীতটিৰ গায়ক ভুবন বাদ্যকাৰ দুৰ্ঘটনাত পতিত হৈ বৰ্তমান পশ্চিম বংগৰ এখন চিকিৎসালৈত চিকিৎসাধীন হৈ আছে ।

উল্লেখযোগ্য যে শেহতীয়াকৈ তেওঁ এখন ছেকেণ্ডহেন চাৰিচকীয়া বাহন ক্ৰয় কৰিছিল। সেই গাড়ীখন চলোৱা শিকিবলৈ গৈ দুৰ্ঘটনাত পতিত হয় ভুবন। এখন দেৱালত খুন্দা মাৰে গাড়ীখনে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভুবন বাদ্যকাৰ। বুকু আৰু পিঠিত আঘাত পাইছে ভুবনে।

উল্লেখযোগ্য বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ভুবন বাদ্যকাৰৰ এটা গান ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সলনি হয় জীৱন। খুব কম সময়ৰ ভিতৰতে ভাইৰেল হৈছিল কাচা বাদাম শীৰ্ষক গীতটি । ইয়াৰ পিছতেই বিভিন্ন স্থানত ইতিমধ্যে সংগীতানুষ্ঠান কৰাৰ সুযোগ পাইছিল ভুবনে।

শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত গানৰ ওপৰত গুৰুত্ব দিব আৰু বাদাম বিক্ৰী নকৰাৰ কথাও সদৰি কৰিছে ভুবন বাদ্যকাৰে।

DA News PlusKachcha BadamSinger
Comments (0)
Add Comment