ভাগ্যই সলনি কৰিলে দিন হাজিৰা কৰা শ্ৰমিকৰ জীৱন! ছ’চিয়েল মিডিয়াত ভাইৰেল এই খবৰ

ডিজিটেল ডেস্কঃ এজন দিন হাজিৰা কৰা শ্ৰমিকৰ কাহিনী। এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ এখন ফটোৱে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া। ফটোৱে সলনি কৰিলে এজন শ্ৰমিকৰ ভাগ্য। দিন হাজিৰা কৰা ব্যক্তিৰ পৰা হ’লগৈ মডেল।

মুহুৰ্ততে সলনি হৈ হ’ল এগৰাকী দিন হাজিৰা কৰাৰ ব্যক্তিৰ ভাগ্য। কেৰালাৰ দিন হাজিৰা কৰা ৬০ বছৰীয়া ব্যক্তি এগৰাকীৰ গ্লেমাৰাছ চেহেৰাই এতিয়া প্ৰশংসা বুটলিছে ছ’চিয়েল মিডিয়াত।

এই দিন হাজিৰা কৰা ব্যক্তি গৰাকী কাজিকোৰ মাম্মিকা।পেছাত তেওঁ এগৰাকী শ্ৰমিক। কিন্তু এজন ফটোগ্ৰফাৰে তেওঁক অন্যৰূপ প্ৰদান কৰাৰ লগে লগে বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল মাম্মিকা।

জানিব পৰা মতে, ফটোগ্ৰাফাৰ শ্বাৰিক ভিয়েলাই মাম্মিকাত মডেলিঙৰ দক্ষতা দেখি তেওঁ অন্য ৰূপত সজাই পৰাই তুলিছিল। ফটোশ্বুট কৰাৰ পিছত যেতিয়া মাম্মিকাৰ ফটো ভাইৰেল হয় তেতিয়া সকলোৱে তেওঁক প্ৰশংসা কৰিছে আৰু ফটোগ্ৰাফাৰ মহানুভৱতাকো শলাগিছে।

DA News PlusViral
Comments (0)
Add Comment