ছবি গৃহলৈ আহি আছে ববী দেউলৰ নতুন ছবি ‘লাভ হোষ্টেল’

ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকা ববী দেউল এতিয়া ব্যস্ত নতুন ছবি ‘লাভ হোষ্টেল’ৰ প্ৰমোচনত ৷ শেহতীয়াকৈ দেউলক ব্যস্ত থকা দেখা গৈছে ছবিখনৰ প্ৰমোচনত ৷ ছবি প্ৰমোচনৰ এটা অনুষ্ঠানলৈ যাওঁতে সাংবাদিকৰ অনুৰোধত প’জ দিলে দেউলে ৷ ধন্যবাদ জনালে সকলোকে ৷

২৫ ফেব্ৰুৱাৰীত মুক্তি পাব শংকৰ ৰহমান পৰিচালিত ছবি ‘লাভ হোষ্টেলে’৷ এই ছবিত ববী দেউলে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ ছান্যা মালহোট্টা আৰু বিক্ৰান্ত মেছীয়ে অভিনয় কৰিছে আন দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত ৷

BollywoodDA News PlusMovie
Comments (0)
Add Comment