সুখবৰ! দেশত কমিছে কৰোনাৰ প্ৰকোপ

ডিজিটেল ডেস্কঃ দেশত লাহে লাহে কমিছে কৰোনাৰ প্ৰভাৱ। বিগত ২৪ঘন্টাত দেশত ২৫হাজাৰ ৯২০লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনাত।

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। এই সময়চোৱাত ৪৯২গৰাকী লোকৰ মৃত্যু হৈছে। ২৪ঘন্টাত ৬৬,২৫৪গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে।

দেশত কোৰোনা পজিটিভিটিৰ হাৰ ২.০৭শতাংশলৈ হ্ৰাস পাইছে। দেশত এতিয়ালৈকে ১,৭৪,৬৪,৯৯,৪৬১ লোকক প্ৰদান কৰা হৈছে কোৰোনা ভেকচিন।

CovidDA News PlusIndia Covid report
Comments (0)
Add Comment