ন্যায় পালে আহমেদাবাদ বিস্ফোৰণৰ ভুক্তভুগী সকলে

ডিজিটেল ডেস্কঃ অৱশেষত ৰায়দান ঘোষণা হ’ল ২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰৰ । ধাৰাবাহিক বিস্ফোৰণৰ ৪৯ দোষীক শাস্তি আদালতৰ, ৩৮টাক ফাঁচিৰ নিৰ্দেশ, ১১টাক যাৱজ্জীৱন কাৰাদণ্ড। আহমেদাবাদৰ বিশেষ আদালতে ঘোষণা কৰিলে এই ৰায়দান। ২০০৮ৰ ২৬ জুলাইত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ। ২২টা বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৫৬গৰাকী লোকে। ২ শতাধিক লোক আহত হৈছিল ধাৰাবাহিক বিস্ফোৰণত। বিস্ফোৰণত নিহতৰ পৰিয়াললৈ ১ লাখ টকাকৈ ক্ষতিপূৰণ চৰকাৰৰ।

AhmedabadBomb blastDA News PlusJustice
Comments (0)
Add Comment