প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ী আৰু নাই

ডিজিটেল ডেস্কঃ প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ী আৰু নাই , বুধবাৰে পুৱা শেষ নিশ্বাস ত্যাগ প্ৰসিদ্ধ সংগীত শিল্পীগৰাকীৰ।
৬৯ বছৰ বয়সত মুম্বাইৰ জুহুৰ হাস্পতালত মৃত্যু হয় । যোৱা বছৰ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈছিল লাহিড়ী।
১৯৫২ চনৰ ২৭ নৱেম্বৰত জলপাইগুৰিত জন্ম লাহিড়ীৰ । বলীউডৰ বহু চিনেমাত সংগীত পৰিচালনা কৰিছিল লাহিড়ীয়ে। ৭০-৮০ৰ দশকৰ অন্যতম জনপ্রিয় নাম আছিল বাপ্পী লাহিড়ী। ৫বাৰ কৈ ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিল বাপ্পী লাহিড়ীয়ে। ১৯৮২, ১৯৮৩, ১৯৮৫ত ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিল ।
১৯৯১, ২০১৮ চনতো লাভ কৰিছিল ফিল্মফেয়াৰ এৱাৰ্ড। ২০১২ চনত ‘বেষ্ট আইটেম ছং অব দ্য ইয়েৰ’ লাভ
‘ও লা লা…’ গীতৰ বাবে লাভ কৰিছিল এই সন্মান। কেইবাটাও ভাষাত কণ্ঠদান কৰিছে বাপ্পী লাহিড়ীয়ে।
হিন্দী-বেংগলী-তেলেগু-তামিল-কানাড়া-গুজৰাটীত ইত্যাদি বিভিন্ন ভাষাৰ গানত কণ্ঠদান। ২০২০ চনত ‘বাগি-৩’ ছবিত লাহিড়ীৰ অন্তিমটো গীত আছিল ।
আনহাতে, প্ৰত্যক্ষভাৱে ৰাজনীতিৰ লগতো জড়িত আছিল তেওঁ। ২০১৪ চনৰ ৩১ জানুৱাৰীত যোগদান কৰিছিল বিজেপিত
২০১৪ চনত লোকসভাৰ প্ৰাৰ্থী আছিল বাপ্পী লাহিড়ী। শ্ৰীৰামপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল লাহিড়ীয়ে
তৃণমূল কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল বাপ্পী লাহিড়ী।

Bappi LahiriDA News PlusDeath
Comments (0)
Add Comment