বিমানত সংঘটিত আচৰিত ঘটনা

ডিজিটেল ডেস্কঃ বিমানৰ ভিতৰত এটা আজৱ ঘটনা সংঘটিত হৈছে। বিমানত উদ্ধাৰ হৈছে এডাল সাপ। কুৱালালামপুৰপৰা তাৱাউ অভিমুখী এখন বিমানৰ কেবিনৰ ওপৰত উদ্ধাৰ হৈছে সাপডাল। সাপডাল উদ্ধাৰ হোৱাৰ পাছতে বিমানৰ যাত্ৰীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয়।

এই ঘটনাটোৰ এটা ভিডিঅ’ এতিয়া চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত সাপডালক এটা স্বচ্ছ পেনেলৰ পিছফালে লাহে লাহে চলাচল কৰা দেখা গৈছে। ‘এইটো এটা অতি আচৰিত ঘটনা হিচাপে পৰিগণিত হৈছে’, কয় বিমানখনৰ মুখ্য সুৰক্ষা বিষয়াই।

AirAsiaDA News PlusSnake
Comments (0)
Add Comment