বলীউডপ্ৰেমীসকললৈ ভাল খবৰ

ডিজিটেল ডেস্কঃ বলীউডলৈ আহি আছে এখন নতুন ছবি ‘পৃথ্বীৰাজ’। য’ত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু মানুষী চিল্লাৰে। পৃথ্বীৰাজ ছবিখনে মুক্তি লাভ কৰিব ১০ জুনত। এই ছবিখন পৰিচালনা কৰিছে চন্দ্ৰ প্ৰকাশ দ্বীবেদীয়ে। পৃথ্বীৰাজ ছবিখন হিন্দী ভাষাৰ লগতে তামিল, তেলেগু আৰু একাধিক ভাষাত মুক্তি লাভ কৰিব।

ইফালে, এই ছবিত সঞ্জয় দত্ত, সনু চুদৰ দৰে আন বহু জনপ্ৰিয় অভিনেতাও অভিনয় কৰিছে। আনহাতে, মানুষী চিল্লাৰে ‘পৃথ্বীৰাজ’ ছবিখনত ৰাজকুমাৰী চানয়’গিতা চৰিত্ৰত অভিনয় কৰিছে আৰু এই চৰিত্ৰৰ দ্বাৰাই বলীউদত আত্মপ্ৰকাশ কৰিছে। উল্লেখ্য যে, মানুষী চিল্লাৰ ২০১৭ চনৰ ‘মিছ ৱল্ড’ প্ৰতিযোগীতাৰ বিজয়ী আছিল।

BollywoodDA News PlusMovieRelease
Comments (0)
Add Comment