আজৱ ঘটনা! বান্দৰৰ আক্ৰমণত মৃত্যু শিশুৰ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰেলী জিলাৰ এখন ভিতৰুৱা গাঁৱত বান্দৰৰ আক্ৰমণত মৃত্যু হৈছে এটি ৫ বছৰীয়া শিশুৰ। বন্ধুৰ লগত খেলি থাকোঁতে সংঘটিত হয় এই দূৰ্ঘটনাটো। খবৰ অনুসৰি, ৫ বছৰীয়া ছোৱালীজনীয়ে বন্ধুৰ লগত খেলি থাকোঁতে বান্দৰৰ জাকে ছোৱালীজনীক আক্ৰমণ কৰে আৰু কামুৰি ছাল এৰুৱাই দিয়ে।

কণমাণিজনীৰ দেউতাকে জানিবলৈ দিছে যে, ‘বান্দৰৰ জাকটো আক্ৰমণাত্মক আছিল আৰু মোৰ ছোৱালীজনীৰ শৰীৰৰ প্ৰায় সকলো অংশতে কামুৰিছিল। মই যেতিয়া ঘটনাস্থলীত উপস্থিত হৈছিলোগৈ তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল আৰু তাই সহায়ৰ বাবে কান্দি আছিল।’

DA News PlusIndia
Comments (0)
Add Comment