কেনেকৈ মৃত্যু হ’ল মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰৰ?

ডিজিটেল ডেস্কঃ মহাভাৰতৰ ভীম প্ৰবীণ কুমাৰৰ মৃত্যু ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৭৫ বছৰ বয়সত দিল্লীৰ বাসভৱনত নিশা শেষ নিশ্বাস ত্যাগ কৰে মহাভাৰত ধাৰাবাহিকৰ ‘ভীম’ প্ৰবীণ কুমাৰে ৷ অভিনয় জগতত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰবীণ কুমাৰ আছিল হেমাৰ এণ্ড ডিছকাছ থ্ৰ’ খেলুৱৈ ৷ চাৰিবাৰকৈ এছিয়ান গেমছত পদক জয় কৰিছিল তেওঁ৷ দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক জয় কৰিছিল প্ৰবীণ কুমাৰে ৷

ইয়াৰ উপৰি ১৯৬৮ৰ মেক্সিকো অলিম্পিক আৰু ১৯৭২ত মিউনিখ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল তেওঁ৷ ক্ৰীড়া জগতত দেখুওৱা এই সাফল্যৰ বাবে তেওঁক প্ৰদান কৰা হৈছিল অৰ্জুন বঁটা ৷

BSFৰ ডেপুটি-কমাণ্ডেণ্ট হিচাপেও কাম কৰিছিল তেওঁ৷ মহাভাৰতৰ উপৰি শ্বাহেনছাহ, লোহা, আজ কা অৰ্জুন, ঘায়ল আৰু আজুবা আদি হিন্দী ছবিত তেওঁ অভিনয় কৰিছিল৷ পৰৱৰ্তী সময়ত প্ৰবীণ কুমাৰে ৰাজনীতি জগততো প্ৰৱেশ কৰিছিল৷ ২০১৩ চনত আম আদমীৰ প্ৰাৰ্থী হিচাপে দিল্লী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰবীণ কুমাৰে ৷

ActorDA News PlusDeathPrabin Kumar
Comments (0)
Add Comment