আহি আছে ৰিটেছ দেশমোখ আৰু জেনেলিয়াৰ নতুন ছবি ‘মিষ্টাৰ মামী’

ডিজিটেল ডেস্কঃ বলীউডলৈ আহি আছে এখন হাস্যৰসিক ছবি ‘মিষ্টাৰ মামী’। য’ত অভিনয় কৰিছে ৰিটেছ দেশমোখ আৰু তেওঁৰ পত্নী অভিনেত্ৰী জেনেলিয়া দেশমোখে। এই ছবিখন নিৰ্দেশনা কৰিছে চাদ আলি আৰু পৰিচালনা কৰিছে ভূষন কুমাৰ টি চিৰিছে।

ইতিমধ্যে ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে। এই পোষ্টাৰ টুইটাৰত শ্বেয়াৰ কৰি জেনেলিয়াই লিখে, “এই ছবিখন এখন ব্যতিক্ৰম ছবি আৰু এনেকুৱা কাহিনী কোনেও আগতে ক’তো দেখা নাই। গতিকে সকলোৱে সাজু হৈ থাকক মনোৰণ্ঞ্জনৰ বাবে।”

দিঘলীয়া বিৰতিৰ পাছত জেনেলিয়াক পুনৰ দেখা পোৱা যাব ‘মিষ্টাৰ মামী’ নামৰ নতুন ছবিখনত ।

BollywoodComedy_FlimDA_News_PlusGenelia_D'SouzaRitesh_Deshmukh
Comments (0)
Add Comment