মঞ্চত কিয় উচুপি উঠিল ছুপাৰষ্টাৰ চলমান খান?

ডিজিটেল ডেস্কঃ ‘Colors’ ত সম্প্ৰচাৰিত জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগবছৰ ঘোষক ছুপাৰষ্টাৰ ছলমান খান। কেইবাটাও ছিজন ধৰি শ্ব’টো চলাই আহিছে চলমান খানে। চলমান খানৰ অবিহনে বিগবছ আধৰুৱা। বিগবছ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ ছুপাৰষ্টাৰ চলমান খান। ২৯ আৰু ৩০ জানুৱাৰীত বিগবছ-১৫ ৰ ফাইনেল অনু্ষ্ঠিত হয় আৰু এইবাৰৰ বিগবছৰ ফাইনেল ব্যতিক্ৰমি ৰূপত দেখা গ’ল শ্ব’টোৰ ফাইনেল। প্ৰত্যেক ছিজনৰ বিজয়ী সকলে অংশগ্ৰহণ কৰে গ্ৰাণ্ড ফাইনেলত।চৰ্চিত ছিজন ১৩ ৰ বিজয়ী সিদ্ধাৰ্থ সোক্নাক প্ৰতিনিধিত্ব কৰে প্ৰেয়সী ছেহনাজে।

বিগবছ-১৩ ত পঞ্জাৱৰ গায়িকা ছেহনাজে অংশগ্ৰহণ কৰিছিল আৰু দৰ্শকৰ লগতে চলমান খানৰো মন জয় কৰিছিল সহজ সৰল ছেহনাজে। ছিজনটো চৰ্চিত হোৱাৰ এক গুৰুত্বপূৰ্ণ কাৰণ ছেহনাজ আৰু সিদ্ধাৰ্থ সোক্লাৰ যুটি। দৰ্শক সকলে এই যুটিক ‘ছিদনাজ’ৰে নামাকৰণ কৰিছিল। এতিয়াও দৰ্শকৰ অন্তৰত ছিদনাজ। ২০২১ ৰ ২ ছেপ্টেম্বৰত তাৰকা সিদ্ধাৰ্থ সোক্লাৰ মৃত্যু হয় আৰু সিদ্ধাৰ্থৰ আকষ্মিক মৃত্যুত সকলো স্ম্ৰিয়মাণ হৈ পৰে। কিন্ত্ত সিদ্ধাৰ্থ শোক্লাক কোনেও পাহৰিব পৰা নাই। বিগবছ-১৫ ৰ ফাইনেলতো চলমান খান আৰু ছেহনাজে সিদ্ধাৰ্থ শোক্লাক মনত পেলাই ফেকুঁৰি উঠে।ছুপাৰষ্টাৰ গৰাকী আৰু ছেহনাজৰ কান্দোন দেখি দৰ্শক সকলো স্তব্ধ হৈ পৰে।

Bigboss 15DA News PlusSalman KhanSidnaaz
Comments (0)
Add Comment