কোন হ’ব একতা কাপুৰৰ ধাৰাবাহিক নাগিনৰ পৰৱৰ্তী নায়িকা?

ডিজিটেল ডেস্কঃ একতা কাপুৰৰ colors টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ছুপাৰহিট ড্ৰামা নাগিনে দৰ্শকৰ মাজত যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰি আহিছে। ধাৰাবাহিক খনত মণি ৰয়, কৰিশ্মা তান্না,সুৰভি জ্যোতি আদিৰ দৰে অভিনেত্ৰীৰ অভিনয়ে দৰ্শকক আমোদ দি আহিছে। অনুৰাগী সকলৰ মাজতো যথেষ্ঠ চৰ্চা ধাৰাবাহিকখনক লৈ । পাচটাকৈ ছিজনৰ সফল সমাপ্তিৰ পিছত পৰৱৰ্তী ছিজনৰ বাবে প্ৰস্তুতি চলাইছে একতা কাপুৰে।

কোন হ’ব একতা কাপুৰৰ ধাৰাবাহিক নাগিনৰ পৰৱৰ্তী নায়িকা? সেই বিষয়ে চিন্তা-চৰ্চা চলি থকাৰ মাজতে ছলমান খানে ঘোষণা কৰিছে নাগিনৰ পৰৱৰ্তী নায়িকাৰ নাম!ৰূপালী পৰ্দাৰ অভিনেত্ৰী তেজস্বী প্ৰকাশেই হ’ব নাগিনৰ পৰৱৰ্তী নায়িকা ।

টেলিভিছন জগতৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছ-১৫ৰ খিতাপ অৰ্জন কৰিছে ৰূপালী পৰ্দাৰ অভিনেত্ৰী তেজস্বী প্ৰকাশে ৷ নিশা এক বিশেষ অনুষ্ঠানত তেজস্বীক প্ৰদান কৰা হয় এই খিতাপ ৷এই খবৰৰ পিছতেই অনুৰাগী সকলে শুভেচ্ছাৰে উপচাই তুলিছে অভিনেত্ৰী গৰাকীক। ছলমান খানে বিগ বছ ১৫ৰ বিজয়ী আৰু নাগিন ৬ৰ নাগিনৰ নাম প্ৰকাশ কৰি অনুৰাগীক দুগুণ আনন্দিত কৰে।

DA News Plusekta kapoornaginTejasswi Prakashtv drama
Comments (0)
Add Comment