কেন্দ্ৰীয় বাজেটৰ পূৰ্বে নতুন মুখ্য অৰ্থনৈতিক উপদেষ্টা নিযুক্তি

ডিজিটেল ডেস্কঃ ড০ ভি অনন্ত নাগেশ্বৰনক নতুন মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে৷ যোৱা ডিচেম্বৰত মুখ্য অৰ্থনৈতিক উপদেষ্টা কে ভি সুব্ৰমণিয়ানৰ কাৰ্যকাল অন্ত পৰাৰ পিছত নাগেশ্বৰনক সম্প্ৰতি নিযুক্তি দিয়া হৈছে এই পদত৷ কেন্দ্ৰীয় বাজেটৰ পূৰ্বে এই নিযুক্তি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷

নাগেশ্বৰন এজন গৱেষক, তেওঁ ক্ৰেডিট ছুইছ, জুলিয়াছ বেয়াৰ আদি আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত উচ্চ পদত কাম কৰিছিল৷ ২০১৯ৰ পৰা ২০২১লৈ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ তেওঁ অংশকালীন সদস্য আছিল৷

Chief_Economic_AdvisorDA_News_PlusIndia
Comments (0)
Add Comment