পুনৰ মুকলি হ’ব পুৰীৰ জগন্নাথ মন্দিৰ

ডিজিটেল ডেস্কঃ পুৰীৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ ভক্তসকলৰ বাবে পুনৰ ১ ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰি দিয়া হ’ব। এই কথা জানিবলৈ দিছে উৰিষ্যা চৰকাৰে।

উল্লেখ্য যে, দেশত বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি উৰিষ্যা চৰকাৰে মন্দিৰ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল। কিন্তু, দেশত ক্ৰমাৎ ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে চৰকাৰে দিয়া শিথিলতাৰ বাবে মন্দিৰ পুনৰ ১ ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই মৰ্মে দেওবাৰে চেনিটাইজেছন কৰাৰ কথাও মন্তব্য কৰিছে মন্দিৰ কৰ্তৃপক্ষই।

DA_News_PlusPuri_Jagannath_templeReopen
Comments (0)
Add Comment