শুভ্ৰতাৰ মালা পিন্ধিছে অৰুণাচলৰ মায়’ডিয়া পাছে

ডিজিটেল ডেস্কঃ শুভ্ৰ আচ্ছাদনেৰে আহ্লাদিত অৰুণাচলৰ মায়’ডিয়া। তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা এশ কিলোমিটাৰ দূৰত্বত অৱস্থিত অৰুণাচল প্ৰদেশৰ চুইজাৰলেণ্ড খ্যাত মায়’ডিয়া পাছে এতিয়া আৱৰণ লৈছে শুভ্ৰ দলিচাৰ।

চাৰিওফালে কেৱল শুভ্ৰ আৱৰণ , যেন ভূ-স্বৰ্গলৈ পৰিণত হৈছে অৰুণাচলৰ মায়’ডিয়া । নেডাৰলেণ্ডৰ আৰ্মষ্টাৰ্ডাম, ছুইজাৰলেণ্ডৰ দৰেই মায়’ডিয়াৰ নৈসৰ্গিক শোভাই হাত বাউল দি মাতিছে সকলোকে ৷

ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰ পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে অৰুণাচলৰ প্ৰদেশৰ চুইজাৰলেণ্ড খ্যাত মায়’ডিয়া পাছত।সমগ্ৰ বিশ্বজুৰি ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতে কিছু সময় যেন নৈসৰ্গিক আনন্দত মতলীয়া হ’বলৈ পৰ্যটকে ভিৰ কৰিছে মায়’ডিয়াত।

বছৰটোৰ জানুৱাৰী মাহৰ শেষৰ পৰা ফেব্ৰুৱাৰী মাহলৈ মায়’ডিয়া, হুনলি হৈ আননিলৈ বৰফৰ এক সুন্দৰ আস্বাদনে পূৱ প্ৰান্তৰ অৰুণাচলক ভূ-স্বৰ্গলৈ ৰূপান্তৰিত কৰিছে।

ArunachalDA News Plusmayodia
Comments (0)
Add Comment