শিৱসাগৰৰ হালোৱাটিং চাহ বাগিচাত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

ডিজিটেল ডেস্ক: শিৱসাগৰৰ আমগুৰিৰ হালোৱাটিং চাহ বাগিচাত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ৷ ৬১ নং ৰাষ্ট্ৰীয় পথৰ পৰা জাঁজী সংযোগী পথ নিৰ্মাণত ঠিকাদাৰে গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে৷

প্ৰায় ৮৪ লাখ টকা ব্যয় সাপেক্ষে প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত৷ ঠিকাদাৰৰ অতি নিম্নমানৰ কাম কৰা বুলি অভিযোগ তুলিছে স্থানীয় লোকে৷ এই ক্ষেত্ৰত RTIৰ সদোত্তৰ নোপোৱাত ক্ষুব্ধ হৈ পৰিছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি। কামৰ নীতি নিৰ্দেশনাৰ তালিকা প্ৰকাশ নকৰা পৰ্যন্ত কাম বন্ধ কৰি ৰখাৰ হুংকাৰ দি এইদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ৷

DA News PlusProtestSivsagarTea Labour
Comments (0)
Add Comment