মুম্বাইৰ উপকূলত অঘটন,যুদ্ধ জাহাজ INS ৰণবীৰত বিস্ফোৰণ

ডিজিটেল ডেস্কঃ মুম্বাইৰ উপকূলত অঘটন ৷ নৌসেনাৰ যুদ্ধ জাহাজ INS ৰণবীৰত ঘটিল বিস্ফোৰণ ৷ বিস্ফোৰণত নিহত হৈছে নৌসেনাৰ ৩ জোৱান ৷ আহত হৈছে আন ১১জন ৷ মুম্বাইৰ ডকয়াৰ্ড পোৱাৰ প্ৰাকমুহূৰ্তত ঘটে বিস্ফোৰণটো ৷

মঙলবাৰে বিয়লি ৪.৩০ বজাত AC কম্পাৰ্টমেণ্টত ঘটা বিস্ফোৰণটোৰ ইতিমধ্যে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে নৌসেনা কৰ্তৃপক্ষই ৷ সমুদ্ৰত শত্ৰুপক্ষৰ জাহাজ ধ্বংসকাৰী অস্ত্ৰ হিচাপে ব্যৱহৃত INS ৰণবীৰ ২০২১ৰ নৱেম্বৰৰ পৰা পূব নৌসেনা বাহিনীত ব্যৱহাৰ কৰা হৈছিল ৷ ১৯৮৬ চনৰ অক্টোবৰৰ পৰা এই যুদ্ধ জাহাজখন ব্যৱহাৰ কৰি আহিছে নৌসেনাই ৷

DA News PlusIndian NavyINS Ranvir BlastMumbai
Comments (0)
Add Comment