দেশত ক’ৰোনা পৰিস্থিতিৰ চৰম অৱনতি,২৪ ঘণ্টাত দেশত মৃত্যু ৪৪১গৰাকীৰ

ডিজিটেল ডেস্কঃ দেশত ক’ৰোনা পৰিস্থিতিৰ চৰম অৱনতি৷ মঙলবাৰে দেশত প্ৰায় ২ লাখ ৮৩ হাজাৰ লোক আক্ৰান্ত হ’ল ক’ভিডত৷ সোমবাৰৰ তুলনাত ১৮ শতাংশ বাঢ়িল আক্ৰান্তৰ সংখ্যা ৷ ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৪১গৰাকী আক্ৰান্তৰ ৷ সংক্ৰমণৰ হাৰো দেশত হুৰাহোৰে বাঢ়িছে এতিয়া ৷

মঙলবাৰে ১৫.১৩ শতাংশলৈ বৃদ্ধি হ’ল সংক্ৰমণৰ হাৰ৷ অৰ্থাৎ ক’ভিড পৰীক্ষা কৰোৱা ১০০গৰাকীৰ মাজৰ ১৫গৰাকীক ক’ভিড পজিটিভ পোৱা গৈছে ৷ অ’মিক্ৰন আক্ৰান্তৰ সংখ্যাও প্ৰায় ৯ হাজাৰৰ কাষ পাইছে৷ মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক, পশ্চিমবংগত পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে ৷

সংক্ৰমণ বৃদ্ধি পোৱা কেইবাখনো ৰাজ্যত সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে ৷ ক’ৰোনাৰ কৃতীয় লহৰে আশংকা কৰাতকৈ অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈছে ৷ মাত্ৰ ১০ দিনৰ ভিতৰত দেশত সংক্ৰমণ প্ৰায় ৫০ শতাংশ বৃদ্ধি হৈছে৷ সংক্ৰমণৰ ধাৰা এই হাৰত অব্যাহত থাকিলে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহলৈ দেশৰ পৰিস্থিতি যথেষ্ট জটিল হোৱাটো নিশ্চিত৷ ২৫ শতাংশলৈ বৃদ্ধি পাব পাৰে দৈনিক সংক্ৰমণৰ হাৰ৷ এনে পৰিস্থিতিত লকডাউন নিদিয়াকৈ সংক্ৰমণ ৰোধ কৰাটো স্বাস্থ্য বিভাগৰ বাবে হৈ পৰিছে প্ৰত্যাহ্বান ৷

covid-19DA News PlusDeathIndia
Comments (0)
Add Comment