দেশত উদ্বেগজনকভাৱে বৃদ্ধি অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা

ডিজিটেল ডেস্কঃ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা৷ অ’মিক্ৰনৰ সংক্ৰমনে একে দিনাই অভিলেখ গঢ়িলে কৰ্ণাটকত৷ ৰাজ্যখনত ২৪ ঘণ্টাত ৯০,৯২৮গৰাকী অ’মিক্ৰন আক্ৰান্ত চিনাক্ত হৈছে৷ এই খবৰে উদ্বিগ্ন কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক৷ নতুন অ’মিক্ৰন আক্ৰান্তসকলকে ধৰি দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৩,৫১,০৯,২৮৬লৈ৷

ইফালে, ক’ৰোনা সংক্ৰমণৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি হোৱাত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে ক’ৰোনাৰ তৃতীয় ঢৌৰ মুখামুখি হোৱা বুলি ঘোষণা কৰিছে৷ দিল্লীৰ পিছত কৰ্ণাটকতো সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছে৷ বাংগালুৰুত দশম শ্ৰেণী পৰ্যন্ত বিদ্যালয়ৰ পাঠদান দুসপ্তাহৰ বাবে বন্ধ কৰা হৈছে৷ ৫০ শতাংশৰ লোকৰ উপস্থিতিৰে হোটেল, ৰেষ্টুৰেণ্ট, শ্বপিং ম’লসমূহ চলাবলৈ নিৰ্দেশ দিছে চৰকাৰে৷

আনহাতে, ক’ৰোনা সংক্ৰমণ বৃদ্ধি পোৱাত পাঞ্জাৱতো ১৫ জানুৱাৰী পৰ্যন্ত স্কুল-কলেজসমূহ বন্ধ ঘোষণা কৰা হৈছে৷ শেহতীয়াকৈ ক’ৰোনা সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা মুম্বাই আৰু পুনেত অষ্টম শ্ৰেণীলৈ বিদ্যালয়ৰ পাঠদান বন্ধ কৰা হৈছে৷ মন কৰিবলগীয়া যে এটা সপ্তাহৰ ভিতৰতে ভাৰতত ক’ৰোনা সংক্ৰমণৰ হাৰ প্ৰায় ৫৮,০৯৭ শতাংশ বৃদ্ধি হৈছে৷

DA_News_PlusIndiaOmicron cases
Comments (0)
Add Comment