অসম বিধানসভাৰ বাবে এক ঐতিহাসিক দিন,প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়াত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

ডিজিটেল ডেস্কঃ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়েই শুকুৰবাৰে দুপৰীয়া অসম বিধানসভাত আহি উপস্থিত হ’ল লোকসভাৰ অধ্যক্ষ ওম বিৰলা৷ বিধানসভাত উপস্থিত হোৱাৰ লগে লগে ওম বিৰলাক উষ্ম আদৰণি জনালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মূল প্ৰৱেশ দ্বাৰতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গামোছা পিন্ধায় আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰনাই পিন্ধাই আদৰণি জনালে লোকসভাৰ অধ্যক্ষ গৰাকীক৷ ইয়াৰ পিছতে বিধানসভাৰ কেন্দ্ৰীয় সভা কক্ষত অনুষ্ঠিত হয় আদৰণি অনুষ্ঠান৷ কেন্দ্ৰীয় সভাকক্ষত প্ৰথমে গামোছা আৰু স্মাৰক দি ওম বিৰলাক আদৰণি জনালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অসম গৌৰৱ গঁড়ৰ মূৰ্তি, চেলেং চাদৰ, জাপি, ফুলৰ থোপাৰে আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে।

ওম বিৰলাৰ দীঘলীয়া ভাষণে আপ্লুত কৰিলে অসম বিধানসভাৰ সদস্যসকলক৷ ভাষণ প্ৰসংগত লোকসভাৰ অধ্যক্ষই ক’লে- ‘আইন প্ৰণয়নৰ সময়ত সদনত ভাল চৰ্চা হ’ব লাগে’। ‘ভাল চৰ্চাই ভাল আইন প্ৰণয়নত উদগনী যোগায়’। ‘বিধান মণ্ডল হ’ব লাগে পৱিত্ৰ মন্দিৰসদৃশ’। শাসক-বিৰোধী উভয় পক্ষক উদ্দেশ্যি লোকসভাৰ অধ্যক্ষজনে লগতে ক’লে-‘বিৰোধী পক্ষই চৰকাৰৰ কাম-কাজত তীক্ষ্ণ নজৰ ৰাখিব লাগে,কিন্তু সদন কেতিয়াও ‘হাংগামা মৈদান’ হ’ব নালাগে’। লগতে অসম বিধানসভাৰ প’ৰ্টেলো উদ্বোধন কৰিলে ওম বিৰলাই।

#Da News Plus#Om_Birla
Comments (0)
Add Comment