দিল্লীত বাতিল কৰা হৈছে বৰদিন আৰু নতুন বছৰৰ সকলো অনুষ্ঠান

ডিজিটেল ডেস্ক: দিল্লীত Delhi Disaster Management Authority(DDMA) – এ বৰদিন আৰু নতুন বছৰৰ সকলো সামাজিক, সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে। মহামাৰী ক’ভিড ১৯ আৰু অ’মিক্ৰনৰ সংক্ৰমণৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাতিল কৰা হৈছে সকলো অনুষ্ঠান। ইফালে, দেশৰ ৰাজধানী চহৰখনত ক’ভিডৰ কাৰণে পূৰ্বেও সৰ্তকতামূলকভাৱে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

উল্লেখ্য যে, অ’মিক্ৰনে ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে বহুলোক আক্ৰান্ত হৈছে অ’মিক্ৰনত। এই ভয়াৱহতাৰ ওপৰত ভিত্তি কৰিয়েই DDMA-এ এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

#bans#DA_News_Plus#Delhi
Comments (0)
Add Comment