গুৱাহাটীত আহি কি কি কৰিলে মমতা বেনাৰ্জীয়ে?

ডিজিটেল ডেস্কঃ এবেলাৰ ভ্ৰমণসূচীৰে গুৱাহাটীত বংগৰ মুখ্যমন্ত্ৰী
কামাখ্যা মন্দিৰ দৰ্শন কৰিলে মমতা বেনাৰ্জীয়ে
বগলা মন্দিৰো দৰ্শন কৰিলে মমতা বেনাৰ্জীয়ে
তেওঁক সংগ দিয়ে তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱে
কামাখ্যাতে সাক্ষাৎ তৃণমূলৰ ৰাজ্যিক নেতৃত্বক

পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বেই মমতা বেনাৰ্জীয়ে সিদ্ধান্ত লৈছিল মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ ৷ পুনৰবাৰ বংগত ক্ষমতাধিষ্ঠ হোৱাৰ পিছত সেই সিদ্ধান্ত পূৰণৰ বাবে মঙলবাৰে গুৱাহাটীলৈ আহিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ বিমানেৰে বৰঝাৰত উপস্থিত হোৱাৰ পিছতে মমতা বেনাৰ্জী পোনে পোনে আহে কামাখ্যা মন্দিৰলৈ ৷ কামাখ্যাত প্ৰায় ৪০ মিনিট সময়ধৰি দেৱীক পূজা-অৰ্চনা আগবঢ়ায় তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ৷ পূজাৰ পূৰ্বে কামাখ্যাৰ সৌভাগ্য কুণ্ডত ভৰি ধুই মন্দিৰত প্ৰৱেশ কৰে ৷ মমতা বেনাৰ্জীক পূজা-অৰ্চনাত সংগ দিয়ে কামাখ্যা দেৱালয়ৰ বৰ দলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই ৷ এই সময়ছোৱাত মমতাৰ সৈতে আছিল অসম তৃণমুলৰ নেত্ৰী সুস্মিতা দেৱ ৷

কামাখ্যাত পূজা সামৰি মমতা বেনাৰ্জী বেনাৰ্জীয়ে গাড়ীৰে ৰাওনা হয় সমীপত থকা ভূমাৱতী মন্দিৰলৈ ৷

ভূমাৱতী মন্দিৰো দৰ্শন মমতা বেনাৰ্জীৰ

ভূমাৱতী মন্দিৰৰ পৰা মমতা ৰাওনা হয় বগলা মন্দিৰলৈ ৷ এই মন্দিৰত বগলা দেৱীৰ উদ্দেশ্যে পূজা-অৰ্চনা আগবঢ়ায় মমতা বেনাৰ্জীয়ে৷ বগলা মন্দিৰত মমতা বেনাৰ্জী থকা সময়ত সাংবাদিকৰ প্ৰৱেশ একপ্ৰকাৰ নিষিদ্ধ আছিল ৷

কামাখ্যা দৰ্শনকালত সাংবাদিকক এৰাই চলিলে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে
সাংবাদিকক একো নোকোৱাকৈয়ে গুৱাহাটীৰ পৰা বিদায় মমতা বেনাৰ্জীৰ

তিনিওটা মন্দিৰত পূজা-অৰ্চনা সমাপন কৰি বংগৰ মুখ্যমন্ত্ৰীগৰাকী গাড়ীৰে পোনে পোনে প্ৰত্যাৱৰ্তন কৰে বৰঝাৰলৈ ৷ আৰু বৰঝাৰৰ পৰা বিশেষ বিমানযোগে উভতি যায় কলকতালৈ ৷ বংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’লেও কংগ্ৰেছক বাদ দি বিজেপিৰ বিকল্প শক্তিৰূপে দিল্লীত আত্মপ্ৰকাশ ঘটাবলৈ মমতা বেনাৰ্জীয়ে দেখা সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দেৱীৰ আশীৰ্বাদৰ কিমানদূৰ প্ৰভাৱ পৰে সেয়া হ’ব লক্ষণীয় ৷

DA News PlusMamata Banerjee
Comments (0)
Add Comment