মিডিয়াক ধন্যবাদ জ্ঞাপন অভিনেত্ৰী অনুষ্কা শৰ্মাৰ

ডিজিটেল ডেস্কঃ অভিনেত্ৰী অনুষ্কা শৰ্মাই কন্যা বামিকাৰ ফটো কোনো পৰ্টেলত প্ৰকাশ নকৰাৰ বাবে মিডিয়াক ধন্যবাদ জ্ঞাপন কৰে। অনুস্কাই ইন্‌ষ্টাগ্ৰামত লিখে, “আমি আমাৰ একমাত্ৰ কন্যাৰ বাবে গোপনীয়তা অটুট ৰাখিব বিচাৰো আৰু তাই জীৱনত যাতে মুক্তভাৱে আগবাঢ়িব পাৰে তাৰ বাবে আমি সামাজিক মাধ্যমৰপৰা দূৰত ৰাখিব বিচাৰো। তাই ডাঙৰ হৈ আহিছে আৰু আমি তাইৰ জীৱনত প্ৰতিবন্ধকতাৰ সৃষ্টিৰ কৰিব নোৱাৰো।”

ইয়াৰ লগতে কোনোয়ে যদি বামিকাৰ কোনো ফটো বা ভিডিঅ’ সংগ্ৰহ কৰিছে, সেইসমূহ মুকলি নকৰিবৰ বাবেও অনুষ্কাই আহ্বান জনায়। ইফালে তেওঁৰ ফেন্ ক্লাৱ সমূহকো ধন্যবাদ জনাই কয় যে, ই আপোনালোকৰ মানৱীয়তা আৰু পৰিপক্কতাৰ পৰিচয়।

#Anushka_Sharma#Da News Plus
Comments (0)
Add Comment