তিনিদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকাত ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ঢাকাত উপস্থিত হয় ৰাষ্ট্ৰপতি কোবিন্দ ৷ ঢাকা বিমানবন্দৰত ৰাষ্ট্ৰপতি কোবিন্দক উষ্ম আদৰণি জনায় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৷

কোবিন্দক গাৰ্ড অব অনাৰ দিয়ে বাংলাদেশৰ সেনাবাহিনীয়ে ৷ বৃহস্পতিবাৰে কোবিন্দে বাংলাদেশৰ স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰিব ৷ শুকুৰবাৰে ঢাকাৰ ৰামনা কালী মন্দিৰ উদ্বোধন কৰিব কোবিন্দে ৷ ১৯৭১ৰ যুদ্ধত পাক সেনাই ধ্বংস কৰিছিল এই মন্দিৰটো ৷

bangladeshDA News PlusPresident Ramnath Kovind
Comments (0)
Add Comment