‘মই এদিনীয়াৰ অধিনায়ক নহয় বুলি মোক ডেৰঘণ্টা পূৰ্বেহে জনাইছিল’-বিৰাট কোহলী

ডিজিটেল ডেস্কঃ এদিনীয়াৰ অধিনায়কৰ পৰা কোহলীৰ অপসাৰণক লৈ বিতৰ্ক অব্যাহত
‘টেষ্ট-এদিনীয়াৰ অধিনায়কৰ দায়িত্ব বহন কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলো’
‘মই এদিনীয়াৰ অধিনায়ক নহয় বুলি মোক ডেৰঘণ্টা পূৰ্বেহে জনাইছিল’
প্ৰথমবাৰলৈ মুখ খুলিলে প্ৰাক্তন অধিনায়ক কোহলীয়ে

এইবাৰ কোহলীৰ বক্তব্যক লৈ চৰম অস্বস্তিত BCCI


টীম ইণ্ডিয়াৰ এদিনীয়া দলৰ পৰা হঠাৎ অপসাৰণ কৰা হৈছিল অন্যতম সফল অধিনায়ক বিৰাট কোহলীক ৷ দায়িত্ব দিয়া হ’ল হিটমেন ৰোহিত শৰ্মাক ৷ এতিয়া ইয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ জুয়ে পুৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক ৷ কোহলীয়ে বুধবাৰে সদৰী কৰা মতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দল নিৰ্বাচনৰ পূৰ্বেহে অৱগত হৈছিল যে এদিনীয়া দলৰ অধিনায়কৰ পদৰ পৰা তেওঁক অপসাৰণ কৰা হৈছে ৷

‘টেষ্ট দল নিৰ্বাচনৰ পূৰ্বে মোলৈ ফোন কৰিছিল মুখ্য নিৰ্বাচক চেতন শৰ্মাই’
‘নিৰ্বাচন কমিটীৰ বৈঠকৰ ডেৰ ঘণ্টা পূৰ্বে ফোন কৰিছিল শৰ্মাই’
‘তেওঁ জনাইছিল যে মোক এদিনীয়াৰ নেতৃত্বৰ পৰা অপসাৰণ কৰা হৈছে’
‘ৰোহিতক নেতৃত্বৰ দায়িত্ব দিয়া বুলিও মোক জনাইছিল তেওঁ’
‘তাৰ পূৰ্বে BCCI-এ মোক কোনো যোগাযোগ কৰা নাছিল’


কোহলীৰ বক্তব্যই যেন এটা পেণ্ডোৰা বক্সহে মুকলি কৰিলে ৷ কাৰণ ইয়াৰ পূৰ্বে BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে কৈছিল যে ৮ ডিচেম্বৰত নিৰ্বাচন কমিটীৰ বৈঠকৰ দুদিন পূৰ্বে এদিনীয়া দলৰ নেতৃত্বৰ পৰা আঁতৰিবলৈ কোহলীক কোৱা হৈছিল ৷ কিন্তু কোহলীয়ে কোনো যোগাযোগ নকৰাত নিৰ্বাচক মণ্ডলীয়ে তেওঁক নেতৃত্বৰ পৰা অপসাৰণ কৰে৷ ইফালে কোহলীয়ে জনোৱা মতে টি-২০ টীম ইণ্ডিয়াৰ নেতৃত্বৰ পৰা আঁতৰি অহাৰ পিছৰ পৰা BCCI-এ তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাছিল৷ সেই সময়ত তেওঁ এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক ৰূপে দায়িত্ব সম্পাদন কৰি যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল বুলিও কোহলীয়ে উল্লেখ কৰিছিল৷ সেয়ে বুধবাৰে কোহলীৰ টুইটৰ পিছতে শ’লঠেকত পৰিছে BCCI ৷

‘ৰোহিত শৰ্মাৰ সৈতে মোৰ কোনো মতপাৰ্থক্য নাই’
‘যোৱা দুবছৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দি মই ভাগৰি পৰিছোঁ’
‘দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলাত মই নেখেলাৰ বাতৰি সত্য নহয়’
‘মই নিৰ্বাচিত হ’লে এদিনীয়া শৃংখলা খেলিম’


৯৫খন এদিনীয়াত নেতৃত্ব দি ৬৫খনতে টীম ইণ্ডিয়াক জয়ৰ সোৱাদ দিয়া ভাৰতৰ সফলতম অধিনায়ক বিৰাট কোহলীক হঠাৎ অপসাৰণক লৈ ক্ৰিকেট বিশ্ব উত্তাল হৈ আছে ৷ ইয়াৰ মাজতে অধিনায়ক কোহলীয়ে এই সন্দৰ্ভত মুকলিভাৱে মত প্ৰকাশ কৰাত BCCIৰ স্থিতিও সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ৷

DA News PlusIndian_CricketVirat Kohli
Comments (0)
Add Comment