ভাৰতৰ হাৰ্নাছ সান্ধুৰ শিৰত “মিছ ইউনিভাৰ্ছ” খিতাপ

ডিজিটেল ডেস্ক: ২০০০ চনত লাৰা দত্তৰ পিছতেই সুদীৰ্ঘ ২১ বছৰৰ পিছত ভাৰতৰ হাৰ্নাছ সান্ধুৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ খিতাপ।সান্ধুৱে ইজৰাইলৰ ইলাটত অনুষ্ঠিত ৭০ তম মিছ ইউনিভাৰ্ছ ২০২১ ত ভাৰতক প্ৰতিনিধিত্ব কৰে।

পঞ্জাৱৰ ২১ বছৰীয়া যুৱতীগৰাকীয়ে পাৰাগুৱেৰ নাদিয়া ফেৰেৰা আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা মছৱানেক পৰাভূত কৰি মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে। হাৰ্নাছ সিন্ধুৰ শিৰত মুকুট প্ৰদান কৰে মেক্সিকোৰ প্ৰাক্তন মিছ ইউনিভাৰ্ছ ২০২০ এণ্ড্ৰিয়া মেজাই।

হাৰ্নাছৰ পূৰ্বে মাত্ৰ দুগৰাকী ভাৰতীয়ই মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁলোক হৈছে ক্ৰমে ১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ অভিনেত্ৰী সুস্মিতা সেন আৰু ২০০০ চনৰ মিছ ইউনিভাৰ্ছ লাৰা দত্ত।

এই খিতাপ দখল কৰি মহিলা সকলক উদ্দেশ্যি হাৰ্নাছে কয় যে: “The biggest pressure the youth of today is facing is to believe in themselves, to know that you are unique and that’s what makes you beautiful. Stop comparing yourselves with others and let’s talk about more important things that’s happening worldwide.”

#DA_News_Plus#India#Miss_Universe#Punjab
Comments (0)
Add Comment