এছিয়ান থাই বক্সিং চেম্পিয়নশ্বিপ ২০২১ ত জিলিকিছে অসমৰ খেলুৱৈ

ডিজিটেল ডেস্ক: এছিয়ান থাই বক্সিং চেম্পিয়নশ্বিপ ২০২১-ত অসমৰ ঢেকিয়াজুলিৰ সাতজনীয়া খেলুৱৈৰ এটা দলে অংশগ্ৰহণ কৰিছিল। এই চেম্পিয়নশ্বিপত সকলো খেলুৱৈয়ে দক্ষতাৰে খেলিছে আৰু ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
প্ৰতিযোগিতাখন তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত হৈছিল। থাই বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া আৰু তেলেংগানা থাই বক্সিং ফেডাৰেচনে প্ৰতিযোগিতাখন আয়োজন কৰিছিল।

দলটোত আছিল মানস প্ৰতিম ডেকা, ভবেশ নেৱাৰ, গণেশ বড়ো, লশিতা দাস, অনিমেশ কলিতা, ৰিতু ভূঞা আৰু ধুবৰ কুৰ্মী। প্ৰশিক্ষক অনন্ত বৰদলৈয়ে ঢেকিয়াজুলিৰ কুমফু একাডেমীত দলটোক প্ৰশিক্ষণ দিছিল।

মানস প্ৰতিম গোস্বামী আৰু ভবেশ নেৱাৰে এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি দেশৰ বাবে সোণৰ পদক কঢ়িয়াই আনে। আনহাতে, গণেশ বড়ো, লশিতা দাস, অনিমেশ কলিতা, ৰিতু ভূঞাই ব্ৰঞ্জ আৰু ধুবৰ কুৰ্মীয়ে ৰূপৰ পদক অৰ্জন কৰে। তেওঁলোকৰ এই সাফল্যত এতিয়া সমগ্ৰ দেশবাসী উৎফুল্লিত হৈ পৰিছে।

#AsianThaiBoxingChampionship2021#Assam#DA_News_Plus
Comments (0)
Add Comment