মুক্তিৰ পথত অক্ষয় কুমাৰ, ধনুষ, চাৰা আলী খান অভিনীত “আত্ৰাংগী ৰে”

ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ প্ৰেমীৰ বাবে সুখবৰ, ২৪ ডিচেম্বৰত মুক্তি পাব আনন্দ এল ৰায় ৰ পৰিচালিত “আত্ৰাংগী ৰে”। ইতিমধ্যে মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰে অনুৰাগীসকলৰ ইতিবাচক সঁহাৰি লাভ কৰাৰ লগতে ছবিখনৰ প্ৰথম ট্ৰেক শ্ৰেয়া ঘোষালৰ কণ্ঠত ‘চাকা চকে’ দৰ্শকৰ তুমুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

৬ ডিচেম্বৰত এক বিশাল অনুষ্ঠানত মুকলি কৰা হ’ব ছবিখনৰ আটাইকেইটা গীত। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব সংগীত পৰিচালক এ আৰ ৰহমান, অক্ষয় কুমাৰ, ধনুষ, চাৰা আলী খান, ভূষণ কুমাৰ আৰু আনন্দ এল ৰায়। আনন্দ এল ৰায়ৰ দ্বাৰা পৰিচালিত, ভূষণ কুমাৰৰ টি-চিৰিজ, কালাৰ ইয়েল্ল’ প্ৰডাকশন আৰু কেপ অফ গুড ফিল্মছৰ দ্বাৰা উপস্থাপন কৰা হৈছে।

#Atrangi_Re#Bollywood#DA_News_Plus#Entertainment
Comments (0)
Add Comment