ভাৰতত অ’মিক্ৰণৰ পঞ্চমটো ঘটনা

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বজুৰি ক’ভিডৰ অ’মিক্ৰণ ভেৰিয়েন্টে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ভাৰতত চিনাক্ত কৰা হ’ল অ’মিক্ৰণৰ পঞ্চমটো ঘটনা। দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰৰ জৈনে এইবিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে: “First omicron case detected in Delhi. The patient admitted to the LNJP Hospital had returned from Tanzania. Till now, 17 people (who come from abroad) have tested positive for Covid and they have been admitted to the hospital,”

পূৰ্বতেও ভাৰতৰ কৰ্ণাটক, গুজৰাট আৰু মহাৰাষ্ট্ৰত অ’মিক্ৰণৰ ৪টা ঘটনা চিনাক্ত কৰা হৈছিল। ইয়াৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীয়ালে মোডীক ভাৰতৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানসমূহ বাতিল কৰিবলৈ অনুৰোধ জনাইছিল।

দক্ষিণ আফ্ৰিকাত চিনাক্ত হোৱা অ’মিক্ৰণ বৰ্তমান ৩০খনতকৈও অধিক দেশলৈ সংক্ৰমিত হৈছে আৰু ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে।

#DA_News_Plus#Delhi#Omicron
Comments (0)
Add Comment