ভাৰতত সৃষ্টি হ’ব নেকি ক’ভিডৰ তৃতীয় ঢৌ?

ডিজিটেল ডেস্ক: নতুন অ’মিক্ৰণ ভেৰিয়েন্টক লৈ বৰ্ধিত সংশয়ৰ মাজতে ভাৰতৰ জিনম চিকুৱেঞ্চিঙৰ এজন শীৰ্ষ বিশেষজ্ঞই শুকুৰবাৰে এক উদ্বেগজনক দাবী কৰি কয় যে অ’মিক্ৰণে দেশত ক’ভিডৰ তৃতীয় ঢৌ সৃষ্টি কৰাৰ সকলো সম্ভাৱনা আছে।

সংবাদ মাধ্যমৰ আগত বিৱৰণ দি CSIR ইনষ্টিটিউট অৱ জিনোমিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়’লজীৰ সঞ্চালক অনুৰাগ আগৰৱালে কয় : “Omicron variant of COVID-19 has all the features of the type of variant that would create a 3rd wave. The variant has a very powerful immune escape from all the data that are being seen today.”

ইতিমধ্যে বিশ্বৰ ৩০খন দেশত ধৰা পৰিছে অ’মিক্ৰণ ভেৰিয়েন্ট। অ’মিক্ৰণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে নাগৰিকসকলক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিবলৈ আৰু সংক্ৰমণৰ ঢৌ প্ৰতিহত কৰিবলৈ সকলো বিদ্যমান ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰিবলৈ আহ্বান জনায়।

#DA_News_Plus#India#Omicron
Comments (0)
Add Comment