অসমবাসীলৈ সুখবৰ,ফিল্মফেয়াৰ এৱাৰ্ডছৰ বাবে মনোনীত জনপ্ৰিয় কণ্ঠশিল্পী নিলোৎপল বৰা

ডিজিটেল ডেস্কঃঅসম তথা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক নিলোৎপল বৰা মনোনীত হৈছে ছবিজগতৰ সন্মানীয় বঁটা ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২১ ৰ বাবে । হিন্দী ৱেব চিৰিজ ‘Aspirants’ ত কণ্ঠদান আৰু সংগীত পৰিচালনা কৰি ফিল্মফেয়াৰ এৱাৰ্ডছত OTTৰ ক্ষেত্ৰত ‘Best Original Soundtrack’ শ্ৰেণীত মনোনীত হৈছে নিলোৎপল বৰা। মনোনয়ন লাভ কৰি অত্যন্ত সুখী সংগীত পৰিচালক গৰাকী।

বৰাই সংবাদমাধ্যমক জনোৱা অনুসৰি তেঁওৰ কাৰণে এই খবৰ এক সপোনৰ দৰে, কিয়নো ফিল্মফেয়াৰৰ বাবে মনোনীত হোৱাৰ কথা কেতিয়াও কল্পনা কৰা নাছিল নিলোৎপল বৰাই । এই সুখবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে কণ্ঠশিল্পী গৰাকীৰ অনুৰাগী সকলো।

#Award#DA_News_Plus#Filmfare#Nilotpal_bora
Comments (0)
Add Comment