আৰম্ভ হ’ল Gadar 2 ৰ শ্বুটিং, পুনৰ তাৰা সিং আৰু চকিনাৰ ৰূপত ছনী দেউল আৰু আমিশা পেটেল

ডিজিটেল ডেস্কঃ ২০০১ ত মুক্তি পোৱা ‘গদৰ এক প্ৰেম কথা’ ছবিখনৰ তাৰা সিং আৰু চকিনাৰ প্ৰেম কাহিনীয়ে আপ্লুত কৰিছিল দেশবাসীক। মুক্তি পোৱাৰ লগে লগে জনসাধাৰণৰ মাজত ছুপাৰ-ডুপাৰ হিট হৈছিল ছবিখন। চলচ্চিত্ৰখনৰ লগতে গীত সমূহেও লাভ কৰিছিল জনপ্ৰিয়তা।

প্ৰায় ২০ বছৰ বিৰতিৰ অন্তত ছবিখনে ২০২১ত পুনৰ আৰম্ভ কৰিছে দৃশ্যগ্ৰহণৰ কাম। অনিল শৰ্মাৰ পৰিচালনাত হিমাচল প্ৰদেশৰ পালমপুৰত আৰম্ভ হৈছে গদৰ-২ ৰ শ্বুটিং। ব্যস্ত হৈ পৰিছে ছানী দেউল আৰু আমিশা পেটেল। পালমপুৰৰ উপৰিও ছবিখনৰ দৃশ্যগ্ৰহণ ধৰ্মশালা আৰু য়োলতো কৰা হৈছে।

ইনষ্টাগ্ৰাম ৰ জৰিয়তে শ্বুটিঙৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছে আমিশাই। য’ত দুয়োকে পুনৰ তাৰা সিং আৰু চকিনাৰ ৰূপত দেখি উৎসাহিত হৈছে অনুৰাগী।

#Bollywood#DA_News_Plus#Entertainment#Gadar2
Comments (0)
Add Comment