“ভাৰত বনাম হিন্দু ৰাষ্ট্ৰ”: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ দিল্লীৰ সংবাদমাধ্যমত ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰা মন্তব্যত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ বিৰোধী শিৱিৰ৷ মুখ্যমন্ত্ৰীৰ মন্তব্যক গণতন্ত্ৰৰ বিৰোধী আখ্যা দি গ্ৰেপ্তাৰৰ দাবী জনাইছে অখিল গগৈয়ে।

মুখ্যমন্ত্ৰীৰ এটা মন্তব্যত ৰাজ্যজুৰি জোকাৰণি
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ বিৰোধী শিৱিৰ
মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ লগতে AIUDF৷

মুখ্যমন্ত্ৰীৰ মন্তব্য গ্ৰহণযোগ্য নহয়
ধৰ্মৰ নামত ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান AIUDFৰ

অকল এয়াই নহয়, কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ স্বাৰ্থত অতি হিন্দু হ’বলৈ প্ৰয়াস কৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ মন্তব্য AIUDF ৰ বিধায়ক ৰফিকুল ইছলামৰ।

‘বিজেপিৰ হাতত সুৰক্ষিত নহয় ভাৰতৰ সংবিধান’
অভিযোগ AIUDF বিধায়কৰ
নাগপুৰক সন্তুষ্ট কৰাৰ বাবেই মুখ্যমন্ত্ৰীৰ এই মন্তব্য

সংবিধানৰ শপত লৈ সংবিধান অৱমাননাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে৷ এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ৷

#DA_News_Plus#HimantaBiswaSarma#India
Comments (0)
Add Comment