মিৰ্জাপুৰৰ “ললিত” খ্যাত ব্ৰহ্ম মিশ্ৰৰ মৃত্যু

ডিজিটেল ডেস্ক: জনপ্ৰিয় শৃংখল ‘মিৰ্জাপুৰ’ত ললিতৰ চৰিত্ৰ ৰূপায়ণ কৰি জনপ্ৰিয়তা লাভ কৰা অভিনেতা ব্ৰহ্ম মিশ্ৰৰ  মৃত্যু হয়।

এক প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে মুম্বাইৰ ভাৰ্ছোভাত থকা ফ্লেটৰ পৰা তেওঁৰ অৰ্ধ-পচা মৃতদেহটো বিচাৰি পায়। তাৰ পিছতেই মৃতদেহটো কুপাৰ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।অৱশ্যে এতিয়ালৈকে মিশ্ৰৰ মৃত্যুৰ কাৰণ আৰু কেতিয়া মৃত্যু হৈছিল সেয়া জানিব পৰা হোৱা নাই।

মিশ্ৰৰ অকাল মৃত্যুৰ বিষয়ে গম পোৱাৰ পিছত বলিউডত শোকৰ ছাঁ পৰিছে।তেওঁৰ  মৃত্যুত বহুজনে শোক প্ৰকাশ কৰিছে। ব্ৰহ্ম মিশ্ৰই অক্ষয় কুমাৰৰ ছবি ‘কেশৰী’ আৰু ‘মাঝি: দা মাউণ্টেইন মেনটো দূৰ্দান্ত অভিনয় কৰিছিল।

BollywoodBrahma MishraDA News Plus
Comments (0)
Add Comment