দেশৰ ভিতৰতে ক’ভিডৰ দুয়োটা ড’জ ভেকচিন প্ৰদানত সফলতা উত্তৰ প্ৰদেশৰ

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মত প্ৰকাশ কৰিছে যে, উত্তৰ প্ৰদেশ ভাৰতৰ প্ৰথমখন ৰাজ্য য’ত ৫ কোটি মানুহক ক’ভিডৰ দুয়োটা ড’জ ভেকচিন প্ৰদান সম্পূৰ্ণ কৰা হৈছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগেৰে কয় যে,উত্তৰপ্ৰদেশৰ এই সফলতা আঁৰৰ মূল কাৰণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সঁহাৰি তথা সবল নিৰ্দেশনা আৰু স্বাস্থ্যকৰ্মী সকলৰ কঠোৰ পৰিশ্ৰম।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ প্ৰদেশৰ ভেকচিন গ্ৰহণ নকৰা ব্যক্তিসকলক শীঘ্ৰেই ক’ভিড ভেকচিন গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে।

CovidvaccinationDaNewsPlusNationalUttarPradeshYogiAdityanath
Comments (0)
Add Comment