অভিষেক টেষ্টত শ্ৰেয়াস আয়াৰৰ কৃতিত্ব


ডিজিটেল ডেস্ক: ভাৰতীয় উদীয়মান ক্ৰিকেটাৰ শ্ৰেয়াস আয়াৰে স্থাপন কৰিছে এক অনন্য কৃতিত্ব৷ অভিষেক টেষ্টতে শতক অৰ্জন কৰি এই কৃতিত্বৰ গৰাকী হৈছে শ্ৰেয়াস আয়াৰ৷ ভাৰতৰ নৱাগত তাৰকা গৰাকীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে কানপুৰত চলি থকা প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত সংগ্ৰহ কৰে ১০৫ ৰান৷


অভিষেক টেষ্টত শতকীয় ইনিংছ
অনন্য কৃতিত্ব ভাৰতৰ শ্ৰেয়াস আয়াৰৰ
নিউজিলেণ্ডৰ বিৰুদ্ধে এই সফলতা

প্ৰথমখন আন্তৰাষ্ট্ৰীয় টেষ্ট মেচতেই শতকীয়া ইনিংছ খেলি বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় উদীয়মান ক্ৰিকেটাৰ শ্ৰেয়াস আয়াৰে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে কানপুৰৰ গ্ৰীণ পাৰ্কত চলি থকা প্ৰথমখন টেষ্ট মেচৰ প্ৰথম ইনিংছত ১০৫ ৰানৰ দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে শ্ৰেয়াস আয়াৰে৷

অভিষেক টেষ্টত শতক অৰ্জন কৰা ষষ্ঠদশ ভাৰতীয় শ্ৰেয়াস
নিউজিলেণ্ডৰ বিপক্ষে অভিষেক টেষ্টত শতৰানকাৰী তৃতীয়জন ভাৰতীয় শ্ৰেয়াস
ঘৰৰ মাটিত এই অভিলেখৰ গৰাকী হোৱা শ্ৰেয়াস আয়াৰ দশম ভাৰতীয়

অভিষেক টেষ্টত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ৰূপে কৃতিত্ব স্থাপন কৰে লালা অমৰনাথে৷ ইফালে অভিষেক টেষ্টত শতক অৰ্জনকাৰীৰ ভাৰতীয় তালিকাত আছে আৰ এইচ চৌধান, কৃপাল সিং, হনুমন্ত সিং, গুণ্ডাপা বিশ্বনাথ, সুৰিন্দৰ অমৰনাথ, মহম্মদ আজহাৰউদ্দিন, প্ৰবীণ আম্ৰে, সৌৰভ গাংগুলী, বীৰেন্দ্ৰ সেৱাগ, সুৰেশ ৰাইনা, শিখৰ ধাৱান, ৰোহিত শৰ্মা আৰু পৃথ্বি শ্ব’৷ বৃহস্পতিবাৰে ৭৫ ৰানত অপৰাজিত থকা শ্ৰেয়াস আয়াৰে শুকুৰবাৰে পুৱাই শতক সম্পূৰ্ণ কৰে৷ শ্ৰেয়াস আয়াৰক উপযুক্ত সংগ দিয়ে ৰবীন্দ্ৰ জাডেজাই৷ দুয়োৰে মাজত ২২৬টা বলত সংগ্ৰহ হয় ১২১ ৰান৷ টীম চাউদীৰ বলত পেভেলিয়ানলৈ ওভতাৰ পুৰ্বে শ্ৰেয়াস আয়াৰে ১৩টা ৪ আৰু ২টা ৬ কোবাই৷ ভাৰতে সকলো উইকেট হেৰুৱাই ৩৪৫ ৰানত প্ৰথম ইনিংছ সামৰে৷ উল্লেখ্য যে ভাৰতৰ কিম্বদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে বৃহস্পতিবাৰে শ্ৰেয়াস আয়াৰক প্ৰদান কৰিছিল টেষ্ট কেপ৷

CricketDA News Plus
Comments (0)
Add Comment