২৬/১১আক্ৰমণৰ ১৩ বছৰ : পাকিস্তানক আক্ৰমণৰ বিচাৰৰ গোচৰ ত্বৰান্বিত কৰিবলৈ আহ্বান MEA ৰ


ডিজিটেল ডেস্ক: মুম্বাইত সংঘটিত ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণে আজি ১৩ বছৰ অতিক্ৰম কৰে। আক্ৰমণৰ ত্ৰয়োদশ বাৰ্ষিকী উপলক্ষে ভাৰতলৈ পাকিস্তানৰ উচ্চ আয়োগৰ এজন জ্যেষ্ঠ কূটনীতিবিদক MEA ৰ দ্বাৰা মাতি পঠোৱা হৈছিল আৰু পৰীক্ষণ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ আহ্বান জনোৱা হৈছিল। MEA-এ “ভুক্তভোগী আৰু শ্বহীদসকলৰ” পৰিয়ালৰ ন্যায়ৰ বাবে পাৰ্যমানে সকলো উপায় গ্ৰহণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰে পাকিস্তানক।


আজিৰ পৰা ১৩ বছৰ আগতে অৰ্থাৎ ২০০৮ চনৰ ২৬ নৱেম্বৰত ১০ জন সন্ত্ৰাসবাদীয়ে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত প্ৰৱেশ কৰিছিল। ইয়াৰ কিছুমান জনবহুল স্থান ক্ৰমে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস, তাজমহল পেলেচ হোটেল, হোটেল ট্ৰাইডেণ্ট, নৰিমন হাউচ আৰু লিওপোল্ড কেফত লক্ষ্য নিৰ্ধাৰণ কৰি তিনিদিনীয়া আক্ৰমণ চলায়। উক্ত আক্ৰমণত প্ৰায় ১৬৬ জন লোক নিহত হৈছিল। আক্ৰমণত জড়িত ১০জন সন্ত্ৰাসবাদীৰ ভিতৰত ৯জনক সুৰক্ষা বাহিনীয়ে হত্যা কৰিছিল। একমাত্ৰ জীৱিত আক্ৰমণকাৰী আজমল কাচাবক পৰৱৰ্তী পৰ্যায়ত ফাঁচী দিয়া হৈছিল।


উক্ত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ ভূখণ্ডৰ পৰা আৰম্ভ হৈছিল। MEA এ পাকিস্তানক ২৬/১১আক্ৰমণত জড়িত অপৰাধীসকলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সৱল পদক্ষেপ ল’বলৈ আহ্বান জনায়। সন্ত্ৰাসবাদীৰ কৱলত পৰা নিৰীহসকলৰ পৰিয়ালক এই ন্যায় প্ৰদান কৰাটো আন্তৰ্জাতিক দায়বদ্ধতাৰ বিষয়। গতিকে এই ন্যায়ক লৈ কোনো গাফিলতি সৃষ্টি নকৰিবলৈও পাকিস্তানক আহ্বান জনায় MEA-এ।

#26/11Attack#DA_News_Plus
Comments (0)
Add Comment