অসম সেনাপতি লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ হ’ব হিন্দী চিনেমা

ডিজিটেল ডেস্কঃ বলীউড অভিনেতা বিবেক অ’বৰয়ে মাজুলীত ‘সহোদৰ’ কাৰ্যসূচীত উপস্থিত থাকি লাচিত বৰফুকনৰ জীৱনৰ ওপৰত এখন হিন্দী ছবি নিৰ্মাণৰ কথা ঘোষণা কৰে। অসমীয়া ভাষাত ভাষন প্ৰদান কৰি বিবেকে অসমৰ ৭০ শতাংশৰো অধিক শিল্পীৰ সৈতে ছবিখন নিৰ্মাণ কৰাৰ কথা কয়।

মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দ্বাৰা সন্মোহিত হৈ অ’বৰয়ে লক্ষ্য কৰে যে দ্বীপটোৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ বাবে লোৱা পদক্ষেপসমূহ ভাৰতৰ বাবে এক উদাহৰণ। টুইটযোগে অভিনেতাজনে কয়, “অসাধাৰণ অসমৰ শান্ত চাহ বাগিচা, কোমল বতাহ আৰু চাহ পাতৰ মনোমোহা সুগন্ধই আকৰ্ষিত কৰি তোলে।”

#Da News Plus#lachit barphukan#Majuli#Vivek oberoi
Comments (0)
Add Comment