পুনৰ বিতৰ্কত কংগনা ৰাণাৱট

ডিজিটেল ডেস্ক: এটাৰ পিছত আন এটা বিতৰ্কৰ সন্মুখীন হৈছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। বুধবাৰে আকৌ এটা বিতৰ্কৰ আৱৰ্তত সোমাই পৰে অভিনেত্ৰীগৰাকী। কংগনা ৰাণাৱটে শিখসকলক “খালিস্তানি সন্ত্ৰাসবাদী” বুলি চ’ছিয়েল মিডিয়াত কৰা মন্তব্যৰ বাবে অভিনেত্ৰীগৰাকীক দিল্লী বিধানসভাৰ শান্তি আৰু সম্প্ৰীতি সমিতিয়ে চমন জাৰী কৰে। মুম্বাই আৰক্ষীয়ে সহভাৰতীয়সকলকৰ প্ৰতি কংগনাৰ এই মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

কংগনা ৰাণাৱটে তেওঁৰ ইনষ্টাগ্ৰামত লিখে, “Khalistani terrorists may be arm twisting the government today… But let’s not forget one woman… The only woman prime minister ne inn ko apni jooti ke neeche crush kiya tha. No matter how much suffering she caused to this nation… she crushed them like mosquitoes at the cost of her own life… Lekin desh k tukde nahi hone diye”

DA News PlusKanganaRanaut
Comments (0)
Add Comment