মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনী ব্যক্তিৰ শীৰ্ষত গৌতম আদানি

ডিজিটেল ডেস্ক: এছিয়াৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তিৰ স্থান লাভ গৌতম আদানিৰ। আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীক পিছ পেলাই ভাৰতৰ লগতে এছিয়াৰ ভিতৰত প্ৰথমবাৰৰ বাবে আটাইতকৈ ধনী ব্যক্তিৰ স্থান লাভ কৰিছে।

বুধবাৰে ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সত প্ৰকাশ পোৱা তথ্য অনুসৰি মাৰ্কেট কেপিটেলাইজেশ্বনৰ ভিত্তিত গৌতম আদানিয়ে মুকেশ আম্বানীক পিছ পেলাইছে। মন কৰিবলগীয়া বুধবাৰে আদানি গ্ৰুপৰ আদানি টোটেল গেছ, আদানি প’ৰ্টছ, আদানি গ্ৰীণ কোম্পানীৰ অভাৱনীয় মূল্য বৃদ্ধি হয়।দেশৰ ষ্টক মাৰ্কেটত বিশাল মুনাফা লাভ কৰা কাৰণে আদানিয়ে শীৰ্ষত উপনীত হয়।

কেৱল এটা বছৰতে মুকেশ আম্বানীৰ সম্পত্তি ১৪.৩ বিলিয়ন ডলাৰ বৃদ্ধি হৈছে তাৰ বিপৰীতে আদানিৰ  মুঠ সম্পত্তি প্ৰায় ৫৫ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। এই তথ্য মতে আদানিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯১ বিলিয়ন ডলাৰ। আনহাতে মুকেশ আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৮.৮ বিলিয়ন ডলাৰ। শতাংশৰ নিৰিখত দুই ভাৰতীয়ৰ সম্পত্তিৰ পাৰ্থক্য হৈছে ২.৪ শতাংশ। আনহাতে,আদানিৰ সম্পত্তি এই বছৰ আম্বানীতকৈ প্ৰায় ৪ গুণ বৃদ্ধি পাইছে।

DA News PlusGautam AdaniMukesh Ambani
Comments (0)
Add Comment